Saturday, September 29, 2018

তামুলপুৰত পুষ্টি অভিযান,ৰাজপথত সজাগতা সমদল



 অসম খবৰ 24X7
সত্যৰ সন্ধানত,আপোনাৰ কাষত…






ধীৰজ উপাধ্যায়, তামুলপুৰঃ ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ উপলক্ষে যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পালন কৰি থকা পৰিপুষ্টি  মাহৰ এক অংশ হিচাপে আজি তামুলপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ সৌজন্যত এক সজাগতা সমদল উলিওৱা হয়। বাক্সাৰ তামুলপুৰত আজি দিনৰ ১০ বজাত উলিওৱা এই সমদলটোৰ শুভাৰম্ভ কৰে তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰীয়ে। সমদলত অংশগ্ৰহণকাৰী সকলে শৰীৰৰ পুষ্টিৰ বাবে পানী উতলাই ঠাণ্ডা কৰি খাব লাগে, স্বাস্থ্যই পৰম ধৰ্ম, পানীত থকা আপদকালীন পদাৰ্থ চেকি আঁতৰাব লাগে, সুস্থ মাতৃয়েহে সুস্থ সন্তান জন্ম দিব পাৰে আদি লিখিত বিভিন্ন বেনাৰ-ফেষ্টোন প্ৰদৰ্শন কৰাৰ লগতে শ্লোগান দিয়ে। সমদলটো তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে প্ৰায় পাঁচ কিলোমিটাৰ পথলৈকে সমদল কৰে। 

0 comments: